সমললৈ যাওক

ৱিকিপিডিয়া:অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
75 নং শাৰী: 75 নং শাৰী:
| ১০|| [[সদস্য:Kuldhar Rabha|কুলধৰ ৰাভা]] || [[সদস্য:হীৰক জ্যোতি মেধী|হীৰক জ্যোতি মেধী]]
| ১০|| [[সদস্য:Kuldhar Rabha|কুলধৰ ৰাভা]] || [[সদস্য:হীৰক জ্যোতি মেধী|হীৰক জ্যোতি মেধী]]

|১১|| [[সদস্য:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] || [[সদস্য:দীপেন বৰুৱা|দীপেন বৰুৱা]]
[[ৰাজা দত্ত]]
[[সদস্য:JonaliB|জোনালী বৰুৱা]]
[[user:জ্যোতি বড়া]]
|১১|| [[সদস্য:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] || [[সদস্য:দীপেন বৰুৱা|দীপেন বৰুৱা]]
[[ৰাজা দত্ত]]
[[সদস্য:JonaliB|জোনালী বৰুৱা]]
[[user:জ্যোতি বড়া]]
[[user:পংকজ খনিকৰ|পংকজ খনিকৰ]]

|১২|| [[সদস্য:JonaliB|জোনালী বৰুৱা]] || [[সদস্য:ছাদ্দাম হুছেইন|ছাদ্দাম হুছেইন]]
[[সদস্য:কেশৱ ফুকন|কেশৱ ফুকন]]
[[সদস্য:ৰিনী চক্ৰৱৰ্তী শৰ্মা|ৰিনী চক্ৰৱৰ্তী শৰ্মা]]

|১২|| [[সদস্য:JonaliB|জোনালী বৰুৱা]] || [[সদস্য:ছাদ্দাম হুছেইন|ছাদ্দাম হুছেইন]]
[[সদস্য:কেশৱ ফুকন|কেশৱ ফুকন]]
[[সদস্য:ৰিনী চক্ৰৱৰ্তী শৰ্মা|ৰিনী চক্ৰৱৰ্তী শৰ্মা]]

17:00, 25 September 2024ৰ সংস্কৰণ

বিভিন্ন অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ উদ্যোগত ৱিকিসংযোগ নামৰ এই মেণ্টৰশ্বিপ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে নতুন অৱদানকাৰীসকলক প্ৰয়োজনীয় পথ প্ৰদৰ্শন, প্ৰশিক্ষণ, আৰু মুক্তভাৱে প্ৰশ্ন সুধিবলৈ আৰু সহায় বিচাৰিবলৈ আদৰণীয় পৰিৱেশ প্ৰদান কৰি উৎসাহিত কৰা।

উদ্দেশ্য

অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ সময়-সুবিধা নহয়গৈ। সেয়ে নতুন আৰু আগ্ৰহী সদস্যসকলে প্ৰয়োজন অনুসৰি নিসংকোচে দৰকাৰী কথাবোৰ সুধি-বুজি ল'বলৈ এই মেণ্টৰশ্বিপ কাৰ্যসূচী লোৱা হৈছে। এই আঁচনিৰ অধীনত আগ্ৰহী সক্ৰিয় সদস্যই নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব।

সময়সীমা

• মেণ্টি নিৰ্বাচন: ছেপ্টেম্বৰ, ২০২৪
• মেণ্টৰশ্বিপ প্ৰকল্প: ১ অক্টোবৰ - ৩১ ডিচেম্বৰ, ২০২৪

নিৰ্বাচন

মেণ্টৰ

• মেণ্টৰশ্বিপৰ বাবে আগ্ৰহী সক্ৰিয় সদস্যই যিকোনো ৱিকি প্ৰকল্পতে মেণ্টৰৰূপে অংশ ল'ব পাৰিব।
• প্ৰত্যেক মেণ্টৰে তিনিগৰাকীলৈকে নতুন সদস্যক সহায় কৰিবলৈ বাচি ল'ব পাৰে। কোনো মেণ্টৰে তাতোধিক সাম্ভাব্য মেণ্টি পালে তেওঁলোকক অন্য মেণ্টৰৰ সৈতে প্ৰশিক্ষণ ল'বলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
• মেণ্টৰ হ'বলৈ ৱিকিৰ কোনো বিশেষ প্ৰকল্পত দক্ষতা বা কাৰিকৰী পাৰদৰ্শিতাৰ প্ৰয়োজন নাই। দৰকাৰী সকলো বিষয়তে মেণ্টৰসকলে প্ৰত্যেকে প্ৰত্যেকক সহায় কৰিব। প্ৰয়োজন অনুসাৰে ৱিকিক্লাছৰ আয়োজন কৰি সকলো মেণ্টিক একেলগেও শিকাব পৰা যাব।

মেণ্টি

• অসমীয়া ৱিকিত কাম কৰিবলৈ আগ্ৰহী যিকোনো লোকেই মেণ্টিৰূপে অংশ ল'ব পাৰিব। এই প্ৰকল্পত অংশ ল'বলৈ কোনোধৰণৰ শিক্ষাগত অৰ্হতা বা বয়সৰ বাধ্যবাধকতা নাই। মাথোঁ প্ৰয়োজন অসমীয়া ভাষাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ আগ্ৰহ আৰু ইণ্টাৰনেট সংযোগ।
• এই প্ৰকল্পত অংশগ্ৰহণৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই।
• এই প্ৰকল্পৰ বাবে সময় বা ঠাইৰ কোনো বাধ্যবাধকতা নাই। পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই এই প্ৰকল্পত অংশ ল'ব পাৰিব। নিজৰ সময়-সুবিধা অনুযায়ী ৱিকিৰ যিকোনো প্ৰকল্পৰ কাম শিকিব পাৰিব।

দায়িত্ব

যিহেতু মেণ্টৰ আৰু মেণ্টিৰ সম্পৰ্কই এই প্ৰকল্পৰ সফলতা নিৰ্ণয় কৰিব, সেয়ে মেণ্টৰে মেণ্টি নিৰ্বাচন কৰাৰ আগেয়ে ব্যক্তিগতভাৱে চা-চিনাকি হৈ কথা-বতৰা পাতিবলৈ উৎসাহ জনোৱা হৈছে। সাম্ভাব্য মেণ্টিগৰাকী ৱিকিৰ কামত কিয় আগ্ৰহী, কোন প্ৰকল্পত আগ্ৰহী, কিমান সময় দিব পাৰিব বা কেনে সহায়ৰ দৰকাৰ সকলোখিনি জানি লৈহে বাচনি কৰিলে ভাল।

মেণ্টৰ

• প্ৰথমেই মেণ্টিৰ পৰা ৱিকিৰ কোন প্ৰকল্পত কাম শিকাৰ আগ্ৰহ আৰু কেনেধৰণৰ সহায়ৰ প্ৰয়োজন সেই বিষয়ে ব্যক্তিগতভাৱে যোগাযোগ কৰি সম্যক ধাৰণা ল'ব।
• মেণ্টিৰ আগ্ৰহ অনুযায়ী প্ৰকল্পৰ কাম কাজ শিকাব আৰু সময়ে-সময়ে অগ্ৰগতিৰ খতিয়ান ল'ব। প্ৰয়োজন অনুসাৰে অন্য মেণ্টৰৰ পৰা সহায় লোৱাতো দিহা-পৰামৰ্শ যোগাব।
• মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱাত মেণ্টৰ আৰু মেণ্টি দুয়ো সময়-সুবিধা মিলাই অনলাইন বা অফলাইন নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিব।

মেণ্টি

• মেণ্টিয়ে ৱিকিৰ যিকোনো প্ৰকল্পত অৱদানৰ বাবে বাচি ল'ব।
• মেণ্টিয়ে এই প্ৰকল্পত যোগদান কৰিলে মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱা (৩১ ডিচেম্বৰ, ২০২৪ লৈ)ত অংশ লোৱাৰ বাবে দায়বদ্ধ থাকিব। এই প্ৰকল্প অসম্পূৰ্ণকৈ এৰি নিদিয়াৰ বাবে সাধ্যানুসৰি চেষ্টা কৰিব।
• মেণ্টৰৰ সৈতে কথা-বতৰা হৈ তিনিমাহত কি শিকিব বিচাৰে আৰু কিমান সময় দিব পাৰিব সেইবিষয়ে এটা পৰিকল্পনা কৰি ল'ব।
• মেণ্টৰশ্বিপৰ সময়ছোৱাত সুযোগ-সুবিধা মিলাই যথাসম্ভৱ ৱিকিত অৱদান আগবঢ়োৱাৰ চেষ্টা কৰিব।

প্ৰকল্প প্ৰবন্ধক

সমন্বয়ক

মেণ্টৰ আৰু মেণ্টিৰ তালিকা

অসমীয়া ৱিকিত মেণ্টৰশ্বিপ
ক্ৰমিক নং মেণ্টৰ মেণ্টি
দিব্য দত্ত মালবিকা ভট্টাচাৰ্য্য
হিমাশ্ৰী বৰা
মনজ্যোতি চেতিয়া
চাণক্য কুমাৰ দাস প্ৰণামিকা অধিকাৰী
মৃণাল ঠাকুৰীয়া
বিপাশা বৰা
জলি ৰুমী বৰা গীতাশ্ৰী গগৈ আপ্তে
অঞ্জুমণি শইকীয়া
পাপৰি বৰা
প্ৰণামিকা অধিকাৰী কুমুদ ঘোষ
অসীম শইকীয়া
মিনাক্ষী গগৈ
গীতাৰ্থী হাজৰিকা
দিম্পল দাস
নয়ন জ্যোতি নাথ পল্লৱ কুমাৰ নাথ
ৰাকেশ মোদক
ৰুমী বৰা
ধীমান বৰ্মন
শেখৰ মুর্মু
বাবুল বৈশ্য জ্যোতি চিৰিং
দীপাংকৰ দাস
ঈশান জ্যোতি বৰা বিভূতি গগৈ
পৱিত্ৰ তাঁতি
বিবেকানন্দ চৌধুৰী
ৰুমী বৰা নৰুনা বৰুৱা
সুস্মিতা লেখাৰু
অজয় দাস সুদীপ্ত গগৈ
পৱন বৰ্মন
ডিম্পী হাজৰিকা
১০ কুলধৰ ৰাভা হীৰক জ্যোতি মেধী
১১ গীতাৰ্থ বৰদলৈ দীপেন বৰুৱা
ৰাজা দত্ত
জোনালী বৰুৱা
user:জ্যোতি বড়া
পংকজ খনিকৰ
১২ জোনালী বৰুৱা ছাদ্দাম হুছেইন
কেশৱ ফুকন
ৰিনী চক্ৰৱৰ্তী শৰ্মা
১৩ গীতাশ্ৰী গগৈ আপ্তে জুলী দত্ত
অনামিকা বৰা
প়্ৰণামী দত্ত
১৪ ভাস্কৰ ভূঞা আস্কৰ আলী
পৰিস্মৃতা গগৈ
১৫ যদুমণি গগৈ গৌৰিত গগৈ
মৌচুমী গগৈ
১৬ ৰাজেন দাস অনামিকা বৰা
১৭ ৰাম কিংকৰ মহন্ত ধ্ৰুৱজ্যোতি তামুলী
ৰূপম গগৈ

মূল কৰ্মসূচী

• প্ৰকল্পৰ আৰম্ভণিতে এখন ৱিকিসভা আহবান কৰি সকলো নতুন সদস্যৰ আদৰণি জনাই এই প্ৰকল্পৰ এক সামগ্ৰিক ধাৰণা দিয়া হ'ব। সভাৰ প্ৰস্তাৱিত তাৰিখ: ২৯ ছেপ্টেম্বৰ, ২০২৪
• প্ৰকল্পৰ সামৰণিত মেণ্টৰ আৰু মেণ্টি দুয়োৰে অৱদানৰ স্বীকৃতি আৰু সক্ৰিয়তা অব্যাহত ৰখাৰ পৰিকল্পনা আদি সামৰি এখন ৱিকিসভা অনুষ্ঠিত কৰা হ'ব। সভাৰ প্ৰস্তাৱিত তাৰিখ: জানুৱাৰী, ২০২৫
• মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱাত প্ৰতিগৰাকী মেণ্টৰে নতুন সদস্যসকলৰ সৈত কমেওে প্ৰতিমাহ এবাৰকৈ হ'লেও অনলাইন বা অফলাইন লগ হৈ ৱিকিত কাম কৰিবলৈ সহায়-দিহা-পৰামৰ্শ আগবঢ়াব।

বিস্তৃত কৰ্মসূচী

বন্ধনীৰ ভিতৰত দিয়া দিনবোৰৰ দ্বাৰা 'অতিকমেও' বুজোৱা হৈছে।

(১) সদস্য বাছনি

(২) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ আভাষ

প্ৰথম পৰ্যায়
• ৱিকিপিডিয়াৰ বিস্তৃত পৰিচয়
• ৱিকিপিডিয়াত সদস্যৰ পৃষ্ঠা সৃষ্টি, সাধাৰণ সম্পাদনা, নতুন প্ৰবন্ধ সৃষ্টি, ইত্যাদি
• ৱিকিপিডিয়াত ফটো সংযোজন
দ্বিতীয় পৰ্যায়
• আন ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংশোধন, শ্ৰেণীকৰণ
• ইংৰাজী ৱিকিপিডিয়াৰ পৰিচয়
• ইংৰাজী ৱিকিপিডিয়াৰ পৰা প্ৰবন্ধ অনুবাদ আৰু অনুবাদৰ ভিন্ন কৌশল/পদ্ধতি
প্ৰথম পৰ্যায়

(৩) ৱিকিউৎসৰ বিস্তৃত পৰিচয়

• মুদ্ৰণ সংশোধন, বৈধকৰণ,
দ্বিতীয় পৰ্যায়
• সূচী তৈয়াৰ, পেইজ ইনডেক্সিং, মূল নামপৃষ্ঠাত প্ৰকাশ
• কপিৰাইট, অটিআৰএছ
• কিতাপ আপলোডৰ এটা আভাস
• অভাৰফ্লোট, ক্ৰপ টুলৰ পৰিচয়

(৪) ৱিকিকমন্সৰ পৰিচয়

প্ৰথম পৰ্যায়
• ফটো আপলোড
• নিজে আপলোড কৰা ফটো ৱিকিপ্ৰকল্পত সংযোজন

(৫) ৱিকিউদ্ধৃতিৰ পৰিচয়

প্ৰথম পৰ্যায়
• পৃষ্ঠা সৃষ্টি
• অনূদিত উদ্ধৃতিৰে পৃষ্ঠা
• অইন পৃষ্ঠাৰ সংশোধন, শ্ৰেণীকৰণ
দ্বিতীয় পৰ্যায়

(৬) ৱিকিডাটাৰ পৰিচয়

• ৱিকিডাটাত সম্পাদনা
• ৱিকিডাটাৰ লগত ৱিকিপৃষ্ঠাৰ সংযুক্তকৰণ

(৭) ৱিকিমিডিয়াৰ বিভিন্ন প্ৰতিযোগিতাৰ পৰিচয় আৰু পৰৱৰ্তী প্ৰতিযোগিতাত অংশগ্ৰহণৰ নিশ্চিততা-২ দিন
(৮) ৱিকিমিডিয়াত নিজৰ পৰিসংখ্যা, সদস্য পৃষ্ঠা, গোলকীয় অৱদান আদি নিৰীক্ষণ -২ দিন
(৯) ৱিকিপত্ৰিকাৰ পৰিচয়-১ দিন
(১০) সতীৰ্থ ৱিকিমিডিয়ানক পদক, ধন্যবাদ প্ৰদান-১ দিন
(১১) ৱিকিপিডিয়াৰ ছছিয়েল মিডিয়াত গতিবিধি নিৰীক্ষণ-২ দিন
(১২) ৱিকিপিডিয়াৰ অৱদানসমূহ ছছিয়েল মিডিয়াত সময়বিশেষে প্ৰচাৰ, লিংক শ্বেয়াৰ ইত্যাদি-১ দিন
(১৩) ইণ্টাৰনেট আৰ্কাইভৰ পৰিচয়-২ দিন
(১৪) পুৰণি কিতাপৰ খবৰ-বাতৰি সংগ্ৰহ আৰু তেনে এখন কিতাপ ৱিকিকমন্সত আপলোড কৰি ৱিকিউৎসত সূচী তৈয়াৰ-১ দিন
(১৫) অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন সন্মিলন, অংশগ্ৰহণ, কৰ্মশালাৰ পৰিচয়-১ দিন
(১৬) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱিকিসন্মিলন, কৰ্মশালা আদিৰ পৰিচয়-১‌ দিন
(১৭) ৱিকিসভাত অংশগ্ৰহণ নিশ্চিতকৰণ আৰু পৰৱৰ্তী ৱিকিসভাত সক্ৰিয়তা বৃদ্ধিৰ বাবে এটা দায়িত্ব অৰ্পণ-১ দিন
(১৮) আহৰণ কৰা জ্ঞানেৰে ৱিকিপত্ৰিকাত অভিজ্ঞতা বৰ্ণনা আৰু চচিয়েল মিডিয়াত 'মনৰ কথা' শ্বেয়াৰ
(১৯) আগ্ৰহী নতুন সদস্যক ৱিকিমিডিয়াৰ বিষয়ে অৱগত কৰা আৰু অতি কমেও এজন সদস্যক ৱিকিমিডিয়াৰ লগত সংযুক্ত কৰি আৰ্জিত জ্ঞানখিনি ভগাই লোৱা।

ৱিকি মেণ্টৰশ্বিপ আদৰণী সভা, ২০২৪

• দিনাংকঃ ২৯-০৯-২০২৪, দেওবাৰ
• সময়ঃ নিশা ০৭:০০-৮:৩০ (ভাৰতীয় সময়)

পুৱা ৭:৩০-৯:০০ (কানাডাৰ মাউণ্টেইন সময়)
পুৱা ৮:৩০-১০:০০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

কাৰ্যসূচী

০৭:০০- আৰম্ভণি: জলি ৰুমী বৰা, ইথাৰপেডত সাৰাংশ: দিব্য দত্ত
০৭:১০- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ চমু বিৱৰণ: জলি ৰুমী বৰা
০৭:২০- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ সামগ্ৰিক কৰ্মসূচী:ঈশানজ্যোতি বৰা
০৭:৩০- ৱিকিৰ কাৰিকৰী দিশসমূহ (একাউণ্ট সৃষ্টি,সদস্য পৃষ্ঠা, সম্পাদনাৰ পৰিসংখ্যা আৰু মেণ্টৰশ্বিপ প্ৰকল্পৰ উপপৃষ্ঠা): দিব্য দত্ত
০৭:৪৫- মেণ্টিসকলৰ দুআষাৰ:ৰাকেশ মোদক, নৰুনা বৰুৱা, কুমুদ ঘোষ, বিভূতি গগৈ
০৮:০০- প্ৰশ্নোত্তৰ আৰু অন্তৰংগ আলাপ
০৮:৩০- সভা ভংগ